আলফা স্বাধীনৰ অন্যতম সদস্য সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম গ্ৰেপ্তাৰ

0
167
আলফা স্বাধীনৰ অন্যতম সদস্য সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম গ্ৰেপ্তাৰ

আলফা স্বাধীনৰ অন্যতম সদস্য সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম গ্ৰেপ্তাৰ। অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আলফাৰ সদস্য গৰাকী।

২০ ছেপ্টেম্বৰ দেওবাৰে জয়ৰামপুৰস্থিত ১৯ নং অসম ৰাইফলছ আৰু অসম আৰক্ষীয়ে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ এখন দলঙৰ সমীপত অভিযান চলাই আলফা স্বাধীনৰ সদস্য সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমক আটক কৰিবলৈ সক্ষম হয়।

সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমৰ পৰা সেনাবাহিনী আৰু আৰক্ষীয়ে বিদেশত নিৰ্মিত এটা পিষ্টল, মেগজিন, গুলি আৰু বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰে। বৰ্তমানে লেখাপানী আৰক্ষীৰ জিম্মা ৰখা হৈছে যাদৱ অসমক।

২০২০ চনত ‘কা’ আন্দোলনৰ সময়ত সমীৰণ সোনোৱালে আলফা স্বাধীনত যোগদান কৰিছিল। সমীৰণৰ ঘৰ তিনিচুকীয়া জিলাত বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক : John Cena হেনো ভাৰতীয়, সামাজিক মাধ্যমত বহুতেই ক’লে এইষাৰ কথা