আৰক্ষীৰ বৃহৎ সাফল্য, এটা ফোনকল ট্ৰেছ কৰি বাংগালুৰৰ পৰা আটক আলফা(স্বা)ৰ লিংকমেন

0
1275

আৰক্ষীৰ বৃহৎ সাফল্য, এটা ফোনকল ট্ৰেছ কৰি বাংগালুৰৰ পৰা আটক আলফা(স্বা)ৰ লিংকমেন। তিনিচুকীয়া আৰক্ষীৰ এই বৃহৎ সাফল্য।

বাংগালুৰুৰ পৰা আটক আলফা(স্বা)ৰ লিংকমেন ৰঞ্জিত গগৈ৷ পূৰ্বে আৰক্ষীৰ হাতত ধৰা পৰা এগৰাকী লোকৰ এটা ফোন ট্ৰেছ কৰিয়ে ধৰা পেলাই এই লিংক মেনগাৰকীক।

কাকপথাৰৰ দ’পথাৰত সেনা আৰক্ষীৰ গুলীত নিহত হোৱা আলফা কেডাৰ জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ সৈতে নাম জড়িত আছিল আজি আটক হোৱা লোকগৰাকীৰ নাম। লগতে পূৰ্বেও আটক হোৱা লোকগাৰকীও সন্তোষ গগৈৰ ঘনিষ্ঠ আছিল।

কিছুদিন পূৰ্বে আৰক্ষীয়ে বৰদুমছাৰ পৰা আটক কৰিছিল অৰুণ গোহাঁই নামৰ এগৰাকী লোকক। সেই লোকগৰাকীৰেই ফোন ট্ৰেছ কৰি আজি বাংগালুৰুৰ পৰা ধৰা পেলাই ৰঞ্জিত গগৈক।

বাংগালুৰত কৰ্মৰত শদিয়াৰ ৰঞ্জিত গগৈ নামৰ যুৱকজনক বাংগালুৰৰ পৰা আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ।

বাংগালুৰৰ পৰাই আটকাধীন ৰঞ্জিত গগৈয়ে আলফা নেতা জ্ঞান অসমৰ সৈতে ধনৰ লেন-দেন কৰি আহিছিল বুলি আজি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ৰঞ্জিত গগৈয়ে পেঙেৰীৰ কঠাঁলগুৰিৰ অৰুণ গোঁহাইৰ একাউণ্টত ত্ৰিশ হাজাৰ টকা ভৰাই দিছিল৷ অৰুণ গোঁহাইয়ে সেই টকা নিজা একাউণ্টৰ পৰা উলিয়াই অৰুণ গোঁহাইৰ ঘৰত আশ্ৰয়লৈ থকা আলফাৰ দলটোক দিছিল।

বৰ্তমানে আটকাধীন লিংকমেন গৰাকীক অধিক তথ্যৰ বাবে তিনিচুকীয়া সদৰ থানাত উজনি অসমৰ DIG জিৎমল দলে আৰু আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

Input and Photo – Keshab Mahanta