31 C
Guwahati
Saturday, August 6, 2022
More

    স্বাধীনতা দিৱসৰ দিনা অসম বন্ধৰ আহ্বান আলফা (স্বাঃ)ৰ

    ৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ লগতে অহা ১৫ আগষ্টত অসম বন্ধৰ আহ্বান জনাইছে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)এ।

    ১৪ আগষ্টৰ মাজনিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈ অসম বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।

    অৱশ্যে সংগঠনটোৱে জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় অনুষ্ঠান বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বুলি আলফা (স্বাঃ), এন এছ চি এন আৰু জি পি আৰ এনৰ যৌথ বিবৃতিত কোৱা হৈছে।

    উল্লেখ্য যে, ৪০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাঃ)এ যোৱা বছৰ স্বাধীনতা দিৱস বৰ্জন অথবা বন্ধৰ কোনো আহ্বান জনোৱা নাছিল। কিন্তু সংগঠনটোৱে এইবাৰ পুনৰ বন্ধৰ আহ্বান জনাইছে।

    অসম ‘কেতিয়াও উপনিৱেশিক ভাৰতৰ অংশ নহয়’ বুলি মন্তব্য কৰি সংগঠনটোৱে অসমত স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত আপত্তি দৰ্শাই।

    উল্লেখ্য যে সংগঠনটোৱে বিবৃতিত কয়, ‘অসম নাগাভূমি, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়ত স্বাধীনতা দিৱস পালন কৰাত আমি বিৰোধিতা কৰি আহিছো। এইবেলিও অসম আৰু নাগালেণ্ডৰ উপৰি মণিপুৰ, ত্ৰিপুৰা, মেঘালয়ৰ সমূহ ৰাজনৈতিক, অ-ৰাজনৈতিক, জাতীয় দল-সংগঠন আৰু সৰ্বস্তৰৰ ৰাইজক ভুৱা ‘স্বাধীনতা দিৱস’ৰ সকলো প্ৰকাৰৰ কাৰ্যক্ৰমনিকাত যোগদানৰ লগতে ব্যক্তিগত স্তৰতো পালন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালো’।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং