যুদ্ধ বিধ্বস্ত ইউক্ৰেইন ! ৰাছিয়াৰ মিছাইল আক্ৰমণৰ পিছত বিদ্যুৎ কৰ্তন, হাতত টৰ্চ লৈ চিকিৎসকে সম্পন্ন কৰিলে অস্ত্ৰোপচাৰ

0
107

যুদ্ধ বিধ্বস্ত ইউক্ৰেইন ! ৰাছিয়াৰ মিছাইল আক্ৰমণৰ পিছত বিদ্যুৎ কৰ্তন, হাতত টৰ্চ লৈ চিকিৎসকে সম্পন্ন কৰিলে অস্ত্ৰোপচাৰ

শেহতিয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ভাইৰেল হৈছে। ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে এখন চিকিৎসালয়ত চিকিৎসকসকলে বিদ্যুৎকৰ্তনৰ পিছতে অস্ত্ৰোপচাৰ কৰি আছিলে। দৰাচলতে ভিডিঅ’টো ইউক্ৰেইনৰ । ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াই মিছাইল নিক্ষেপ কৰিছিল।

তাৰ পিছতে চহৰখনত বিদ্যুৎ কৰ্তন কৰা হৈছিল। সেই সময়তে চহৰখনৰ এখন চিকিৎসালয়ত এটি শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি থকা হৈছিল। কিন্তু হঠাতে বিদ্যুৎ কৰ্তন কৰাত ফলত পোহৰৰ অভাৱ হোৱাৰ কাৰণে চিকিৎসকসকলে সকলে শ্বাৰ্জ লাইটৰ পোহৰতে অস্ত্ৰোপচাৰটো কৰে।

সেই ,সময়তে চিকিৎসালয়খনৰ এজন চিকিৎসকে এটা ভিডিঅ’ কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে চিকিৎসকসকলে হাতত টৰ্চ লাইট লৈ অস্ত্ৰোপচাৰৰ সময়ত পোহৰৰ ব্যৱস্থা কৰিছিলে।

ভিডিঅ’টো চোৱাৰ পিছত যুদ্ধ ক্ষেত্ৰত বাস কৰা লোকসকলৰ অৱস্থা অনুমান কৰিব পাৰি।ৰাছিয়া আৰু ইউক্ৰেনৰ যুদ্ধত কেৱল সৈনিকেই নহয়,দেশৰ প্ৰতিজন ব্যক্তিয়ে যুঁজ দি আছে।বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী ইৰিনা ভইচুকে টুইটাৰত পোষ্ট কৰিছিল।