ৰাছিয়াৰ ৰকেট আক্ৰমণত সম্পুৰ্ণৰূপে বিধ্বস্ত ইউক্ৰেইনৰ নিপৰো বিমানবন্দৰ

0
297
ৰাছিয়াৰ ৰকেট আক্ৰমণত সম্পুৰ্ণৰূপে বিধ্বস্ত ইউক্ৰেইনৰ নিপৰো বিমানবন্দৰ
ফটো সৌজন্য- ইণ্টাৰনেট

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধত সম্পুৰ্ণৰূপে ধ্বংস হৈ পৰিছে ইউক্ৰেইনৰ নিপৰো বিমানবন্দৰ। দেওবাৰে ৰাছিয়াৰ বায়ু সেনা বাহিনীৰ ভয়াবহ ৰকেট আক্ৰমণত সম্পুৰ্ণৰূপে ধ্বংস হৈ পৰে নিপৰো বিমানবন্দৰটো।

দেওবাৰে ৰাছিয়াৰ বায়ু সেনা বাহিনীয়ে নেইপাৰ নদীৰ পাৰত অৱস্থিত নিপৰো চহৰত আক্ৰমণ অধিক তীব্ৰতৰ কৰি তোলে আৰু ৰাছিয়াৰ বায়ু সেনা বাহিনীৰ আক্ৰমণত চহৰখনৰ বিমান বন্দৰৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ অঞ্চল সমূহো ধ্বংস হৈ পৰে।

নিপৰো বিমান বন্দৰত ৰাছিয়াৰ ৰকেট আক্ৰমণত চহৰখনৰ জৰুৰীকালীন সেৱা সমূহো ক্ষতিগ্ৰস্ত হৈ পৰে।

উল্লেখযোগ্য যে, আজি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধই ৪৩ দিনত ভৰি দিছে আৰু এই দীঘলীয়া যুদ্ধত ৰাছিয়াই উইক্ৰেইনৰ বহু অঞ্চল নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে।

আজি ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ চহৰ মাৰিঅ’পলো ৰাছিয়াই দখল কৰি ৰাছিয়াৰ পতাকা উত্তোলন কৰে।

ইপিনে, ৰাছিয়াৰ আক্ৰমণৰ মাজতে য়ুনাইটেড কিংদমৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনে ইউক্ৰেইন ভ্ৰমণ কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে বৈঠকত ভাগ লোৱাৰ লগতে কীয়েভৰ ৰাজপথতো দুয়োজন ৰাষ্ট্ৰপ্ৰধানক দেখা গৈছিল।

আৰু পঢ়ক : ক’ভিড ভেকচিনৰ কাৰ্য্যক্ষমতা সম্পৰ্কে কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ চিকিৎসা বিজ্ঞানীয়ে?