23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সৰ্বদলীয় বৈঠকত অসহায় মুখ্যমন্ত্ৰীয়ে ক’লে- লকডাউনৰ বাহিৰে বিকল্প নাই

    সৰ্বদলীয় বৈঠকত অসহায় মুখ্যমন্ত্ৰীয়ে ক’লে- লকডাউনৰ বাহিৰে বিকল্প নাই

    কৰ’ণা ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ দেশকে পুনৰ এবাৰ অস্থিৰ কৰি তুলিছে। এই মহামাৰীৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ।

    মহাৰাষ্ট্ৰত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰা সংক্ৰমণৰ গভীৰতা অনুভৱ কৰি মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে।

    বৈঠকত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ঠাকৰেই কয় যে সকলোৱে একত্ৰিত হৈ কৰ’ণাক কেনেদৰে প্ৰতিহত কৰিব পাৰি তাৰ সিদ্ধান্ত ল’ব লাগিব।

    মুখ্যমন্ত্ৰীয়ে কয় যে যদি আমি ৰাজ্যখনত লকডাউন আৰোপ কৰো, আমি প্ৰায় এমাহৰ ভিতৰত মহামাৰী নিয়ন্ত্ৰণ কৰিব পাৰিম।

    কিয়নো ৰাজ্যখনৰ পৰিস্থিতি ১৫ ৰ পৰা ২০ এপ্ৰিলৰ ভিতৰত অতি গুৰুতৰ হ’ব। এই মহামাৰীৰ চেইন ভঙাটো অতি গুৰুত্বপূৰ্ণ বুলিও কয় মখ্যমন্ত্ৰীজনে।

    উল্লেখ্যে যে মহাৰাষ্ট্ৰত শুকুৰবাৰৰ দিনটোত অভিলেখ সংখ্যক ৫৮,৯৯৩ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছিল। আনহাতে মৃত্যু হৈছিল ৩০১ গৰাকী লোকৰ।

    আৰু পঢ়ক : এইবাৰ লখিমপুৰ জিলা প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং