দেশৰ উচ্চতম ন্যায়ালয়ৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে উদয় উমেশ ললিতে

0
150

দেশৰ উচ্চতম ন্যায়ালয়ৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে উদয় উমেশ ললিতে।

ন্যায়াধীশ উদয় উমেশ ললিতে আজি ভাৰতৰ ৪৯ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক শপত গ্ৰহণ কৰোৱাই। আজিৰ এই অনুষ্ঠানটো ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছিল।

শপত গ্ৰহণ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আন কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে।

দেশৰ সংবিধান অনুসৰি আইন-শৃংখলা অটুত ৰাখি কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হয় মুখ্য ন্যায়াধীশ ললিত। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ বিচাৰক ৰূপে কাৰ্য্যনিৰ্বাহ কৰা ললিত উচ্চতম ন্যায়ালয়লৈ প্ৰত্যক্ষ পদোন্নতি লাভ কৰা ৬জন জ্যেষ্ঠ পৰামৰ্শদাতাৰ এজন।

উল্লেখ্য যে, মুখ্য ন্যায়াধীশ হিচাপে উদয় উমেশ ললিতৰ কাৰ্যকাল অতি চমু হব। কাৰণ তেওঁ অহা ৮ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

দায়িত্ব লোৱাৰ পূৰ্বে ন্যায়াধীশ ললিতে কয় যে তেওঁ যিমান সম্ভৱ সৰলতা আৰু স্বচ্ছতাৰ বিষয়টোক অগ্ৰাধিকাৰ দিব। তেওঁ সংশ্লিষ্ট আদালতত মুক্তভাৱে উত্থাপন কৰিব পৰা যিকোনো জৰুৰী বিষয়ৰ ওপৰত নজৰ ৰাখিব বুলিও আশ্বাস দিছে।