ইনষ্টাগ্ৰামত ভিডিঅ’ শ্বেয়াৰ কৰি বিপদত বৃটেইনৰ প্ৰধানমন্ত্ৰী; আৰক্ষীৰ জৰিমনাৰ সন্মুখীন

0
41

ইনষ্টাগ্ৰামত ভিডিঅ’ শ্বেয়াৰ কৰি বিপদত পৰিল বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক। ভিডিঅ’টোৰ বাবেই আৰক্ষীৰ জৰিমনাৰ সন্মুখীন হ’বলগীয়া হ’ল প্ৰধানমন্ত্ৰীগৰাকী।

দৰাচলতে, প্ৰধানমন্ত্ৰী ছুনাকে উত্তৰ পশ্চিম যাত্ৰাৰ সময়ত ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁ গাড়ী চলি থকাৰ সময়ত ছীটবেল্ট পৰিধান নকৰাটো স্পষ্ট ৰূপত ধৰা পৰিছিল।

আৰক্ষীয়ে এই ঘটনাটো যান-বাহন নিয়ম উলংঘা কৰা বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীক জৰিমনা বিহে।

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ট্ৰেফিক আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

শুকুৰবাৰে এই কথা নিশ্চিত হোৱাৰ পিছত আৰক্ষীয়ে প্ৰধানমন্ত্ৰী ঋষি ছুনাকক জৰিমনা বিহিছে।

উল্লেখ্য যে, আৰক্ষীয়ে দ্বিতীয়বাৰৰ বাবে ঋষি ছুনাকৰ ওপৰত জৰিমনা আৰোপ কৰিছে আৰক্ষীয়ে।

যোৱা বছৰৰ আৰম্ভণিতে তেতিয়াৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে ঋষি সুনকেও ক’ভিড-১৯ লকডাউনৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

বৰিছ জনছনৰ পিছত ঋষি ছুনাক এনেদৰে আইন ভংগ কৰা দ্বিতীয়জন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে।