নৃশংস ঘটনা! সামাজিক মাধ্যমত মন্তব্য দিয়াৰ বাবেই দুই বন্ধুক হানি খুচি হত্যা

0
1254

নৃশংস ঘটনা! সামাজিক মাধ্যমত মন্তব্য দিয়াৰ বাবেই দুই বন্ধুক হানি খুচি হত্যা

নতুন দিল্লীত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইনষ্টাগ্ৰাম ৰিলত এটা আপত্তিজনক মন্তব্য দিয়াৰ বাবেই এগৰাকী কিশোৰীয়ে দুজন বন্ধুক হত্যা কৰিছে।

কিশোৰী গৰাকীয়ে দুয়োজন বন্ধুকে তেওঁলোকৰ গলিলৈ মাতিছিল তেওঁলোকৰ সাহস আছে যদি আহিবলৈ প্ৰত্যাহ্বান জনাইছিল।

যেতিয়া দুয়োজন যুৱক তাত উপস্থিত হৈছিল তেতিয়াই কিশোৰী গৰাকীৰ ভায়েক আৰু দুজন বন্ধুৱে তেওঁলোকক চুৰিৰে প্ৰহাৰ কৰি হত্যা কৰিছিল।

নিহত যুৱক দুজনৰ নাম নিখিল আৰু চাহিল। দৰাচলতে নিখিল আৰু চাহিলে একেখন ঠাইতে কাম কৰে। চাহিল আৰু নিখিল ইনষ্ট্ৰগ্ৰামৰ জৰিয়তে বন্ধু হৈ পৰিছিল।

আনহাতে চাহিলৰ ঘৰৰ ওচৰৰ ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ ঘৰ যাৰ লগত চাহিলৰ বন্ধুত্ব খোব ভাল আছিল। সেই কিশোৰী গৰাকীৰ ইনষ্ট্ৰাগ্ৰামৰ এটা ৰিলত চাহিল আৰু নিখিলে দুমাহৰ আগতে এটা আপত্তিজনক মন্তব্য দিছিলে।

সেই কথাটোতে কিশোৰী গৰাকীৰ খং উঠি চাহিল আৰু নিখিলক হত্যা কৰে। চাহিল আৰু নিখিল যেতিয়া কিশোৰী গৰাকীৰ ঘৰৰ ওচৰ পাইছিল তেতিয়া কিশোৰী গৰাকীৰ ভায়েক আৰু দুজন বন্ধুৰ সৈতে তেওঁলোকৰ কাজিয়া হৈছিল।

কাজিয়া ইমানেই ডাঙৰ হৈছিল যে তেওঁলোকে চাহিল আৰু নিখিলক চুৰিৰে হানি খুচি তাৰ পৰা পলাই যায়। দুয়োজনকে পিছত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

আনহাতে কিশোৰী গৰাকীৰ ভাতৃ আৰু বন্ধু দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।