অতি নিকৃষ্ট ঘটনা! ঈশ্বৰক সন্তুষ্ট কৰিবলৈ গৈ ৬ বছৰীয়া শিশুক দুই যুৱকে দিলে বলি

0
1175

অতি নিকৃষ্ট ঘটনা! ঈশ্বৰক সন্তুষ্ট কৰিবলৈ গৈ ৬ বছৰীয়া শিশুক দুই যুৱকে দিলে বলি

দেশৰ ৰাজধানী দিল্লীত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অন্ধ বিশ্বাসৰ নামত দুজন যুৱকে বলি দিলে এটি ৬ বছৰীয়া শিশুক।

ঘটনাটো দিল্লীৰ লোধি কলনিত সংঘটিত হৈছে। জানিব পৰা মতে দেওবাৰে নিশা লোধি কলনিৰ পৰা দিল্লী আৰক্ষীলৈ এটা ফোন পাইছিল যে চি আৰ পি এফ ৰ নিৰ্মাণাধীন মুখ্য কাৰ্যালয় দুজন লোকে এটি ৬ বছৰীয়া শিশুক ডিঙি কাটি হত্যা কৰিছে।

লগে লগে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুয়োজন হত্যাকাৰীকে গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্ত দুজনৰ নাম বিজয় কুমাৰ আৰু অমন কুমাৰ বুলি জানিব পৰা গৈছে। দুয়োজনৰে ঘৰ বিহাৰত।দুয়োজনেই নিৰ্মাণ কৰি থকা চিআৰপিএফ ৰ মুখ্য কাৰ্যালয়ৰত শ্ৰমিক আছিলে।

অভিযুক্ত দুজনে আৰক্ষীক দিয়া তথ্য অনুসৰি দুয়োজনৰে সপোনত এদিন ঈশ্বৰ আহিছিল আৰু ঈশ্বৰে এটি শিশুৰ বলিদান বিচাৰিছিলে।

ঈশ্বৰক সন্তুষ্ট কৰিবৰ বাবেই যুৱক দুজনে এই ৬ বছৰীয়া শিশুটিৰ বলি দিয়ে। মৃত শিশুটিৰ নাম ধৰ্মেন্দ্ৰ। ধৰ্মেন্দ্ৰৰ পিতৃও সেই নিৰ্মাণ স্থানত কাম কৰা এজন শ্ৰমিক।

দেওবাৰৰ নিশা প্ৰায় ১০.৩০ মান বজাত শিশুটিত সেই চি আৰ পি এফ ৰ নিৰ্মাণাধীন মুখ্য কাৰ্যালয়টোলৈ লৈ যায় আৰু এখন পাচলি কটা চুৰিৰে শিশুটিৰ ডিঙি ৰেপি হত্যা কৰে। ঘটনাটোৰ সময়ত দুয়োজন অভিযুক্তই সুৰাপান কৰি আছিলে।