Breaking: মহানগৰীৰ নুনমাটিত ৩০ ফুট দ’ কুঁৱাত পৰি কৰুণ মৃত্যুক সাৱটিলে ২জন শ্ৰমিকে

আৰক্ষীৰ লোক SDRF বাহিনীৰ এটা দল লগত লৈ ঘাটনাস্থলীত উপস্থিত হৈ কুঁৱাৰ ভিতৰৰ পৰা দুয়োটা মৃতদেহ উদ্ধাৰ কৰে

0
71

লকডাউনৰ মাজতেই নুনমাটিৰ মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰত সংঘটিত হয় এক কৰুণ ঘটনা। প্ৰায় ৩০ ফুট দ’ কুঁৱা নিৰ্মাণৰ কাম কৰি থাকোতেই কুঁৱাত পৰি মৃত্যুক সাৱটিলে দুজন শ্ৰমিকে। মৃত শ্ৰমিক দুজন হল ক্ৰমে মঠঘৰীয়াৰ জোনাকী নগৰৰ নিবাসী বংকিম হাজং(৩৫) আৰু মৃগেণ ৰয়(৩৫)। মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰস্থিত মনেশ্বৰ ডেকা নামৰ এজন লোকৰ ঘৰৰ চৌহদত থকা কুঁৱা নিৰ্মাণৰ বাবে নিয়োগ কৰা হৈছিল দুই শ্ৰমিকক।

প্ৰথমে বংকিম হাজং নামৰ শ্ৰমিকজনে কাম কৰিবলৈ কুঁৱাটোত নামি যায়। কুঁৱাটোৰ মেৰামতি কৰি থকা অৱস্থাত শ্ৰমিকজনে উশাহ নাপাই চিঞৰ বাখৰ লগায়। কুঁৱাৰ ওপৰত থকা আনজন শ্ৰমিক মৃগেন ৰয়ে লগে লগে বংকিম হাজংক উদ্ধাৰ কৰিবলৈ কুঁৱাটোত নামি যায়। আনজন লোকে বংকিম হাজংক উদ্ধাৰ কৰি অনাৰ সময়তে দুয়ো পানীৰ তলত সোমাই যায়।

ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে নুনমাটি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ লোক SDRF বাহিনীৰ এটা দল লগত লৈ ঘাটনাস্থলীত উপস্থিত হৈ কুঁৱাৰ ভিতৰৰ পৰা দুয়োটা মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহ দুটা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।

Photo: Time8