GMCH ত শিশু চুৰি চক্ৰৰ লগত জড়িত থকা দুগৰাকীকৈ মহিলাক আটক

0
5955

GMCH ত শিশু চুৰি চক্ৰৰ লগত জড়িত থকা দুগৰাকীকৈ মহিলাক আটক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিশু চুৰি চক্ৰ । শিশু চুৰি চক্ৰৰ দুগৰাকী মহিলাক আটক। জানিবলৈ পোৱা মতে আটকাধীন মহিলা দুয়োগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বাহৰ পাতি আছিল।

তেওঁলোকে তেজপুৰৰ এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে এটি শিশু বিক্ৰীৰ চুক্তি কৰিছিল। কিন্তু শিশুটি চুৰ কৰিবলৈ চেষ্টা কৰোতেই জি এম চি এইছ ৰ নিৰাপত্তাৰক্ষীয়ে হাতে লুটে ধৰা পেলাই।

গৰ্ভৱতী মহিলা গৰাকীৰ নাম মইনা বৰা আৰু আন দুগৰাকী মহিলাৰ নাম প্ৰমিলা ডেকা আৰু বিজিতা দাস বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত জি এম চি এইছ কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰিছে। ইয়াৰ পূৰ্বেও জি এম ছি এইছ ৰ পৰা এটি কণমানি শিশু চুৰি কৰা হৈছিল।