প্ৰাতভ্ৰমণলৈ গৈ মৃত্যুক সাৱটে ২ গৰাকী মহিলা, ডিব্ৰুগড়ত সংঘটিত এই ঘটনা

দুৰ্ঘটনাটোত থিতাতে নিহত মিনু গগৈ আৰু চিকিত্সালয়লৈ নিয়াৰ পথত মৃত্যু হয় জোনালী দত্তৰ

0
570

প্ৰাতভ্ৰমণলৈ গৈ পুনৰ উভতি নাহিল ঘৰলৈ। ডিব্ৰুগড়ৰ বৈৰাগীমঠত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত দুগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটে। মৃত মহিলা দুগৰাকীৰ নাম জোনালী দত্ত আৰু মিনু গগৈ।

প্ৰাতভ্ৰমণ কৰাৰ সময়তে এখন মাৰুতি জেনে খুন্দিওৱাৰ ফলত নিহত হয় মহিলাদুগৰাকী। দুৰ্ঘটনাটোত থিতাতে নিহত মিনু গগৈ আৰু চিকিত্সালয়লৈ নিয়াৰ পথত মৃত্যু হয় জোনালী দত্তৰ। দুৰ্ঘটনাগ্ৰস্ত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে এই পথ দুৰ্ঘটনা।