কৰিমগঞ্জত আটক যুদ্ধ জৰ্জৰ ইউক্ৰেইনৰ দুজন নাগৰিক

0
9174
কৰিমগঞ্জত আটক যুদ্ধ জৰ্জৰ ইউক্ৰেইনৰ দুজন নাগৰিক

কৰিমগঞ্জত আটক যুদ্ধ জৰ্জৰ ইউক্ৰেইনৰ দুজন নাগৰিক

ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে বৃহস্পতিবাৰে অসমৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰেইলৱে ষ্টেশ্যনত দুজন ইউক্ৰেনিয়ান নাগৰিকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইউক্ৰেনিয়ান নাগৰিক দুজনক ত্ৰিচিনস্কি ভল’ডিমিৰ (৩৯) আৰু নাজাৰি ভজনিউক (২১) বুলি চিনাক্ত কৰিছে।

যুদ্ধ জৰ্জৰিত ইউক্ৰেইনৰ নাগৰিক দুজনে কোনো বৈধ প্ৰমাণ পত্ৰ নোহোৱাকৈয়ে আগৰতলাৰ পৰা দিল্লী অভিমুখী এখন ট্ৰেইনত যাত্ৰা কৰিছিল।

ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা দুয়োজন নাগৰিককে আৰ পি এফ আৰু গভৰ্ণমেণ্ট ৰেইলৱে পুলিচে গ্ৰেপ্তাৰ কৰে।

আটকাধীন দুয়োজন নাগৰিককে কয় যে তেওঁলোকে ফেব্ৰুৱাৰি মাহতে ভাৰত ভ্ৰমণলৈ আহিছিল আৰু ত্ৰিপুৰাত উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ নথি পত্ৰ থকা বেগটো চুৰি হয়।

ইফালে দুয়োজন নাগৰিকৰ সবিশেষ তথ্যৰ বাবে ইউক্ৰেনিয়ান এম্বেছিৰ সৈতে যোগাযোগ কৰি আছে বুলি আৰক্ষীয়ে জনায়।

আৰু পঢ়ক : বিবাহ অনুষ্ঠানত আনন্দতে গুলী চালনা, এজন লোকৰ মৃত্যু