জম্মু-কাশ্মীৰৰ পুলৱামাত সুৰক্ষা বাহিনীৰ অভিযানত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত

0
468
জম্মু-কাশ্মীৰৰ পুলৱামাত সুৰক্ষা বাহিনীৰ অভিযানত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত
প্ৰতিকী ফটো

জম্মু-কাশ্মীৰৰ পুলৱামাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত বুধবাৰে নিশা অল-বাদৰৰ দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সদস্য নিহত হয়।

নিহত হোৱা সন্ত্ৰাসবাদী সদস্য দুজন হৈছে ক্ৰমে- আজিজ হাফিজ আৰু চাহিদ আয়ুব বুলি চিনাক্ত কৰা হয়।

সুৰক্ষা বাহিনীৰে সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা দুয়োজন সন্ত্ৰাসবাদীয়ে মাৰ্চ-এপ্ৰিল মাহত পুলৱামাত সংঘটিত হোৱা প্ৰব্ৰজিত শ্ৰমিকৰ হত্যাকাণ্ডৰ সৈতে জড়িত হৈ আছিল।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, সুৰক্ষা বাহিনীৰ দলে পুলৱামাত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ বিষয়ে খবৰ লাভ কৰে আৰু এই খবৰ পোৱাৰ পাছতে অঞ্চলটোত অভিযান আৰম্ভ কৰে।

জম্মু-কাশ্মীৰ আৰক্ষী, চিআৰপিএফ আৰু সেনা বাহিনীৰে গঠিত সুৰক্ষা বাহিনীৰ অভিযানৰ সময়ত আল-বাদৰৰ দুয়োজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়।

সুৰক্ষা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত অৱশ্যে এজনো সুৰক্ষা বাহিনী জোৱান আঘাতপ্ৰাপ্ত হোৱা নায়।

আৰু পঢ়ক : “অসমৰ ৰাইজৰ মৰম সুতে-মূলে উন্নয়নৰ মাধ্যমেৰে উভতাই দিয়া হ’ব”-প্ৰধানমন্ত্ৰী