কাশ্মীৰত চিআৰপিএফৰ ওপৰত আক্ৰমণ সংঘটিত কৰা দুজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত

0
45
কাশ্মীৰত চিআৰপিএফৰ ওপৰত আক্ৰমণ সংঘটিত কৰা দুজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত
প্ৰতিনিধিত্বমূলক চিত্ৰ

দেওবাৰে কাশ্মীৰৰ শ্ৰীনগৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হয়। সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা সন্ত্ৰাসবাদী দুজন শেহতীয়াভাৱে শ্ৰীনগৰত সংঘটিত হোৱা চিআৰপিএফৰ ওপৰত আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আছিল।

জম্মু-কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হয়।

“দুয়োজন সন্ত্ৰাসবাদী পাকিস্তানৰ পৰা অহা আৰু দুয়োজন লস্কৰ-ই-তৈবাৰ সদস্য। দুয়োজনকে গুলীয়াই নিহত কৰা হয়,” জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয়।

ইপিনে, বৰ্তমান সময়ত কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্য্যকলাপ হ্ৰাস পাইছে যদিও কাশ্মীৰত প্ৰায়ে চিআৰপিএফ আৰু আৰক্ষীৰ জোৱান সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে বুলি জম্মু-কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে শ্ৰীনগৰ চহৰৰ মাজ-মজিয়াত বাইকত উঠি অহা অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে চিআৰপিএফৰ জোৱানৰ ওপৰত আক্ৰমণ কৰাৰ ফলত এজন চিআৰপিএফৰ জোৱান শ্বহীদ হোৱাৰ লগতে অন্য এজন আঘাতপ্ৰাপ্ত হৈছিল।

আৰু পঢ়ক : ২৭ টাকৈ মন্দিৰ ধ্বংস কৰি নিৰ্মাণ কৰা হৈছিল কুটুবমিনাৰ, বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰৰ দাবী