অতি শোকাৱহ ! ফুৰিবলৈ গৈ সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ

0
409

অতি শোকাৱহ ! ফুৰিবলৈ গৈ সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ

ডিব্ৰুগড়ত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।অৰুণাচলত সন্ধানহীন হৈ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৰুণাচললৈ ফুৰিবলৈ গৈছিল ৫জনকৈ ছাত্র।

জানিব পৰা মতে অৰুণাচলৰ ৰানাঘাটত ছাত্ৰ কেইজনে গা ধুই আছিলে। কিন্তু গা ধুই থকা অৱস্থাতে নদীৰ কোবাল সোঁতে উটুৱাই নিয়ে দুজন ছাত্ৰক।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খনৰ ছাত্ৰ কেইজনে প্ৰখৰ গৰমৰ প্ৰকোপত অকনমান হকাহ পাম বুলি নদীত গা ধুবলৈ নামিছিল।

কিন্তু দুৰ্ভাগ্যৱশতঃ নদীৰ সোঁতত উটি যায় ছাত্ৰ দুজন । বৰ্তমানলৈকে ছাত্ৰ দুজনৰ কোনো সন্ধান পোৱা নাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্ধানহীন দুই ছাত্ৰ ক্ৰমে প্ৰসিদ্ধ সন্দিকৈ আৰু সৌম্যদ্বীপ পাল।

প্ৰসিদ্ধ সন্দিকৈৰ ঘৰ ডিব্ৰুগড় চিৰিং চাপৰি(থানা গ’লী) আৰু সৌম্যদ্বীপ পালৰ ঘৰ লক্ষীমপুৰ’ৰ গহপুৰত বুলি জানিব পৰা গৈছে।প্ৰসিদ্ধ সন্দিকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PGDCA আৰু সৌম্যদ্বীপ পাল BCA ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ আছিলে ।