গৌৰাং নৈত গা ধুবলৈ গৈ নিখোজ হ’ল একে গাঁৱৰে দুজন ছাত্ৰ

0
495
ফটোত বাঁওফালে জগদীশ নাথ আৰু সোঁফালে গোপেশ নাথ।

বিলাসীপাৰাৰ উদমাৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। উদমাৰী কামাখ্যা মন্দিৰৰ কাষেৰে বৈ যোৱা গৌৰাং নৈত শনিবাৰে গা ধুবলৈ গৈ দুজন ছাত্ৰ নিখোজ হোৱাৰ খবৰ আহিছে।

জানিব পৰা মতে, উৎকট গৰমৰ পৰা সকাহ পোৱাৰ উদ্দেশ্যেৰে দহজন বন্ধুৱে নৈখনত গা ধুবলৈ গৈছিল। ইয়াৰে গোপেশ নাথ (২০) নৈৰ গভীৰ সোঁতত উটি যোৱা দেখি সমনীয়া বন্ধু জগদীশ নাথে (২০) তেওঁক উদ্ধাৰ কৰিবলৈ গৈ নিজেও নৈৰ সোঁতত উটি যায়।

অৱশ্যে বাকী আঠ বন্ধুৱে কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

সলিল সমাধি ঘটাৰ সন্দেহ প্ৰকাশ কৰা জগদীশ নাথ বিজ্ঞান স্নাতকৰ দ্বিতীয় ষান্মাসিক আৰু গোপেশ নাথ কলা স্নাতকৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ আছিল।

দুয়ো বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ আৰু তেওঁলোকৰ ঘৰ বিলাসীপাৰাৰ গোপীগাঁৱত বুলি জানিব পৰা গৈছে।

ঘটনাস্থলত লক্ষীগঞ্জ আৰক্ষীৰ দল আৰু এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত ছাত্ৰদ্বয়ৰ কোনো সন্ধান লাভ কৰা নাই।

ইনপুট : আফৰুজুল ইছলাম