
এজন যুৱকৰেই প্ৰেমত পৰিল দুই ভগ্নী; একেদিনাই যুৱক জনৰ লগত বিবাহ পাশত আৱদ্ধ হ’ল দুই
ভগ্নী
এই স্বৰ্গীয় প্ৰেম কেতিয়া কাৰ হৈ যায় কোনেও ক’ব নোৱাৰে৷ তেনে একেই ঘটনা সংঘটিত হ’ল দুগৰাকী যমজ ভগ্নী সৈতে৷ পেছাত দুয়ো গৰাকীয়ে আইটি অভিযন্তা। দুয়োগৰাকী ভগ্নীয়ে মুম্বাইত কৰ্মৰত।
ৰিঙ্কি আৰু পিঙ্কি দেখাত দুয়োগৰাকীয়েই সাইলাখ একে৷ তেওঁলোকে দুয়োয়ে প্ৰেমত পৰিল একেজন যুৱকৰে৷কেৱল প্ৰেমত পৰাই নহয়, যুকজনক তেওঁলোক দুয়োয়ে স্বামী হিচাবেও বৰণ কৰিলে৷
মহাৰাষ্ট্ৰৰ চোলাপুৰত ঘটিছে এই ঘটনা। যমজ ভগ্নীৰ পৰিয়ালে প্ৰকাশ কৰা মতে দুয়োগৰাকী ভগ্নীয়ে একেজন ল’ৰাকে ভালপাইছিল৷ গতিকে দুয়োটা পৰিয়ালে এই বিবাহত সন্মতি জনাইছে৷ বিয়াখনো ধুমধামেৰে আয়োজন কৰা হয়৷
যমজ ভগ্নীহালে একে সময়তে অতুল নামৰ যুৱকজনৰ সৈতে বিয়াত বহে৷ শেহতীয়াকৈ দুই ভগ্নীৰ পিতৃৰ মৃত্যু হৈছে। তেতিয়াৰে পৰা দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ মাকৰ সৈতে বাস কৰি আছে। এদিন দুগৰাকী ভগ্নী আৰু মাতৃ একেলগে অসুস্থ হৈ পৰিছিল।
ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে যুৱতী দুগৰাকীয়ে সম্পূৰ্ণ আনন্দ মনেৰে বিবাহ পাশত আৱদ্ধ হৈছে। দুয়োগৰাকী ভনীয়েকে অতুলক মালা পিন্ধাবলৈ চেষ্টা কৰি আছে। ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহু নেটিজেনে গোটেই বিষয়টোক প্ৰশংসা কৰিছে।