
অতিকে দুখজনক খবৰ। এক পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে দুগৰাকী ভগ্নীয়ে। দুৰ্ঘটানৰ ফলত ঠাইতে শেষ নিশ্বাস ত্যাগ কৰে দুই ভগ্নী গীতামণি আৰু ৰীতামণিয়ে।
দুয়ো ভগ্নী আহি থকা স্কুটী খনত প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন ট্ৰাকে। মৰাণৰ ঝলঙত এই কৰুণ তথা শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।
AS-23BC-1221 নম্বৰৰ এখন ইটা ভৰ্তি ট্ৰাকে প্ৰথমে এখন ৱেগনাৰ বাহনক খুন্দা মাৰে তাৰ পিছত স্কুটী সহ মহতীয়াই নিয়ে দুয়ো ভগ্নীক।
মৰাণৰ বিজুলী নগৰৰ ৩৫ বৰ্ষীয় গীতামণি গগৈ আৰু মৰাণ সেউজপুৰৰ ৩০ বৰ্ষীয় ৰীতামণি ফুকনৰ থিতাতে মৃত্যু। দুই ভগ্নীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলতে।
আৰু পঢ়ক : দুটাকৈ বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ হৰভজন সিঙৰ অৱসৰ ঘোষণা