গণতন্ত্ৰ বিলুপ্তিৰ পথত। ম্যানমাৰৰ ৰাজপথত প্ৰতিবাদকাৰীৰ ওপৰত সেনা বাহিনীৰ গুলীবৰ্ষণ। গণতন্ত্ৰ ক কোঙা কৰি নিজৰ ইচ্ছামতে শাসন চলাইছে ম্যানমাৰ সেনাই।
ম্যানমাৰত এতিয়াও অব্যাহত আছে উত্তাল প্ৰতিবাদ। যোৱা ১ ফেব্ৰুৱাৰীত দেশ খনৰ শীৰ্ষ নেত্ৰী আং ছান চ্যু কীক ম্যানমাৰ সেনাই আটক কৰা পিছতে নেত্ৰীগৰাকীৰ মুক্তিৰ দাবীত উলাই আহিছে শ শ জনসাধাৰণ।
শেহতীয়াকৈ এই প্ৰতিবাদত সংখ্যালঘু লোকসকলেও যোগদান কৰে। শনিবাৰে ম্যানমাৰৰ মান্দালয় চহৰৰ ৰাজপথ নিৰীহৰ তেজেৰে ৰাঙলী হয়।
প্ৰতিবাদস্থলীত ম্যানমাৰ সেনা উপস্থিত হৈ নিৰ্বিচাৰে গুলীবৰ্ষণ কৰাত দুজন লোক থিতাতে নিহত হয়। আনহাতে ৩০ জন লোক আহত হয়।
ফ্ৰণ্টিয়াৰ ম্যানমাৰে সূত্ৰই জনোৱা মতে থেট নাইং উইন (৩৬) নামৰ এজন কাঠমিস্ত্ৰীৰ বুকুত গুলী লগাত হাস্পতাল নি থকাৰ পথতে মৃত্যু হয়।
ম্যানমাৰৰ ৰাজনীতিত বিগত কেইবাদিনৰে পৰা সেনা আৰু শাসকীয় দলৰ মাজত মনোমালিন্য দেখা পোৱা গৈছিল। ৰাজনৈতিক মহাসংকটে দেখা দিছে দেশখনত।
কেৱল নেত্ৰীগৰাকীকে নহয়, ম্যানমাৰ সেনাই অভিযান চলাই ৰাষ্ট্ৰপতিৰ লগতে শাসকীয় দলৰ অন্য কেইবাগৰাকীও শীৰ্ষ নেতাকো আটকো কৰিছিল।
নেশ্যনেল লীগ ফৰ ডেমক্ৰেচী দলৰ প্ৰবক্তাই জনসাধাৰণক উত্তেজিত নহৈ আৰু আইন অনুসৰণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে সম্প্ৰতি ম্যনামাৰত সেনাবাহিনীয়ে সৰ্বে সৰ্বাৰ ৰূপ লোৱাৰ ভয়ংকৰ পৰিণতি পৰিলক্ষিত হৈছে।
আৰু পঢ়ক : পশ্চিম গোৱালপাৰাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডঃ জুইত জাহ গ’ল বাসগৃহ