
অসহনীয়! নিশা দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰিলে দুই অৱসৰপ্ৰাপ্ত অধ্যাপক দম্পতিক! চুৰীৰে উপৰ্যুপৰি হানি খুচি হত্যা দম্পতিক…
বিহাৰৰ ভোজপুৰ জিলাৰ আৰাহত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ। দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক দম্পতিক। এই নৃশংস হত্য়াকাণ্ডৰ ঘটনাটো মঙলবাৰে পোহৰলৈ আহিছে।
মৃত দম্পতিক মহেন্দ্ৰ সিং আৰু তেওঁৰ পত্নী পুষ্পা সিং বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে, এই হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছতেই দুৰ্বৃত্তয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে।
দুৰ্বৃত্তই তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল। ৭০ বছৰীয়া অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ সিঙে বীৰ কুঁৱৰ সিং বিশ্ববিদ্যালয়ৰ ডীন হিচাপে কাম কৰিছিল।
আনহাতে তেওঁৰ ৬৫ বছৰীয়া পত্নী পুষ্পা সিং আৰাহৰ মহিলা মহাবিদ্যালয়ৰ মনোবিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছিল। অপৰাধীয়ে এই দম্পতিক তীক্ষ্ণ অস্ত্ৰৰে হত্যা কৰিছিল।
এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে ফ’ৰেনচিক পৰীক্ষাগাৰৰ দল এটা পাটনাৰ পৰা আহি অভিযান আৰম্ভ কৰে। ফ’ৰেনচিক পৰীক্ষাগাৰৰ দলটোৰ পৰিদৰ্শনৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।