অতিকৈ শোকাৱহ ঘটনা! জন্মাষ্টমীলৈ গৈ মন্দিৰতে মৃত্যু হ’ল দুজনৰ

0
420

অতিকৈ শোকাৱহ ঘটনা! জন্মাষ্টমীলৈ গৈ মন্দিৰতে মৃত্যু হ’ল দুজনৰ

শুক্ৰবাৰৰ দিনটো জন্মাষ্টমীৰ উপলক্ষে সমগ্ৰ দেশজুৰি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসুচীৰ আয়োজন কৰা হৈছিল । আৰু সেই জন্মাষ্টমীৰ সময়তে মথুৰাত এক অঘটনটো সংঘটিত হৈছে।

পদপিষ্ট হৈ মৃত্যু হৈছে দুজন ভক্তৰ । জন্মাষ্টমী উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশ ল’বলৈ উত্তৰ প্ৰদেশৰ মথুৰাৰ এটা মন্দিৰলৈ যোৱা দুজন ভক্তৰ মৃত্যু হয় ।

বিখ্যাত বাঁকে বিহাৰী মন্দিৰত এই ঘটনাটে সংঘটিত হৈছে । অগনন লোকৰ সমাগমত আহত হৈছে আন কেইবাজনো ভক্ত।

মথুৰাৰ আৰক্ষী বিষয়াই দিয়া তথ্য মতে জন্মাষ্টমীৰ উপলক্ষে মন্দিৰত হঠাতে মানুহৰ ভিৰ হয়। আৰতিৰ সময়ত বহু সংখ্যক লোক মন্দিৰচৌহদত প্ৰৱেশ কৰে যাৰ বাবে মন্দিৰৰ ভিতৰত যথেষ্ট ভিৰ হৈছিল।

এই ভিৰৰ ফলতেই পদপিষ্ট হৈ দুজন ভক্তৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। আহত সকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নিহত দুজন নিৰ্মালা দেৱী আৰু ৰামপ্ৰসাদ বিশ্বকৰ্মা বুলি চিনাক্ত কৰা হৈছে।