27 C
Guwahati
Friday, September 30, 2022
More

    পাকিস্তানৰ কমনৱেলথ গেমছৰ পৰা সন্ধানহীন দুজন বক্সাৰ ! আৰম্ভ হৈছে তদন্ত

    পাকিস্তানৰ কমনৱেলথ গেমছৰ পৰা সন্ধানহীন দুজন বক্সাৰ ! আৰম্ভ হৈছে তদন্ত

    ইংলেণ্ডৰ বাৰ্মিংহামত চলিত মাহৰ ৮ আগষ্টত কমনৱেলথ গেমছ ২০২২ সমাপ্ত হ’ল। ইয়াত অংশ লবলৈ অহা দেশ সমূহৰ ভিতৰত পাকিস্তানো আছিল ।

    কিন্তু ইয়াত অংশ লবলৈ অহা পাকিস্তানৰ দুজন খেলুৱৈ নিৰুদ্দেশ হৈ আছে। খেলুৱৈ দুজন পাকিস্তানী বক্সাৰ সুলেইমান বালোচ আৰু নাজিৰুল্লা ।

    জানিব পৰা মতে খেলবোৰ শেষ হোৱাৰ পিছত তেওঁলোক দুয়োজনে দল পৰিচালনাৰ সৈতে যোগাযোগ কৰা নাছিল। তাৰ পিছৰে পৰা বৰ্তমানলৈকে খেলুৱৈ দুজনৰ কোনো খবৰ পোৱা নাই।

    এতিয়া পাকিস্তান আৰু লণ্ডনৰ কৰ্তৃপক্ষই দুয়োজন বক্সাৰৰ তদন্ত আৰম্ভ কৰিছে।বক্সিং ফেডাৰেচন অৱ পাকিস্তানৰ নাছিৰ টাঙে কয়, “দুয়োজন বক্সাৰৰ পাছপোৰ্টকে ধৰি সকলো ভ্ৰমণ নথিপত্ৰ এতিয়াও সেই ফেডাৰেচন বিষয়াসকলৰ লগতে আছে।

    এই নথিপত্ৰবোৰ বৰ্তমান অপাৰেটিং প্ৰক্ৰিয়াৰ অধীনত ৰখা হৈছে। দল পৰিচালনা কাৰীয়ে পাকিস্তান হাই কমিছন আৰু লণ্ডনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক দুয়োজন বক্সাৰৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে অৱগত কৰিছে।

    টাঙে লগতে কয় যে মেনেজমেন্টে সকলো খেলুৱৈৰ সৈতে ইছলামাবাদলৈ ৰাওনা হৈছিল কিন্তু তাৰ কেইঘণ্টামান আগতে বক্সাৰ দুজন নোহোৱা হয়।

    পাকিস্তান অলিম্পিক এছ’চিয়েশ্যনে সন্ধানহীন বক্সাৰ দুজনৰ সন্ধানৰ বাবে বাবে ৪ জনীয়া তদন্ত সমিতি গঠন কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং