32 C
Guwahati
Friday, September 17, 2021
More

    অৰুণাচলত নিৰাপত্তাৰক্ষীৰ অভিযানত দুজন এন এছ চি এন-কে(ৱাই এ) উগ্ৰপন্থী নিহত

    অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুজন এন এছ চি এন-কে(ৱাই এ)গোটৰ উগ্ৰপন্থী নিহত হয়।

    বিশেষ সূত্ৰৰ পৰা টিৰাপ জিলাৰ কোট্টাম অৰণ্য অঞ্চলত উগ্ৰপন্থী সদস্যই আত্মগোপন কৰি থকা বুলি বাতৰি লাভ কৰাৰ পাছতে অসম ৰাইফলছে অৰুণাচল আৰক্ষীৰ সৈতে উগ্ৰপন্থীৰ সন্ধানত অভিযান আৰম্ভ কৰে।

    নিৰাপত্তাৰক্ষী বাহিনীৰ দলটো উক্ত অঞ্চলত উপস্থিত হোৱাৰ পাছতে আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ দলে নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোক উদ্দেশ্যে গুলীবৰ্ষণ কৰে।

    প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে গুলিচালনা কৰাত দুজন উগ্ৰপন্থী থিতাতে নিহত হয়।

    বৰ্তমানলৈ নিহত হোৱা উগ্ৰপন্থী সদস্য দুজনৰ নাম জানিব পৰা হোৱা নায়।

    নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে ঘটনাস্থলীৰ পৰা দুটা স্বয়ংক্ৰিয় এছল্ট ৰাইফল, এটা এম কিউ শ্ৰেণীৰ ৰাইফল, এটা এ-১৬ ৰাইফল, দুটা দেশত নিৰ্মিত বন্দুক, এটা ৯ এম এম পিষ্টল আৰু চাইনিজ হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে।

    উল্লেখযোগ্য যে, অৰুণাচলৰ টিৰাপ জিলাত দীৰ্ঘদিনৰ পৰা এন এছ চি এন-কে গোটৰ এটা দল সক্ৰিয় হৈ আছে বুলি নিৰাপত্তাৰক্ষী বাহিনীয়ে মত প্ৰকাশ কৰে।

    আৰু পঢ়ক : বন্ধ আন্ত:জিলা যাতায়ত, সীমা পাৰ হৈ ৰোগীক চিকিৎসালয়লৈ নিয়াত বাধা প্ৰশাসনৰ, মৃৃত্যু…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং