19 C
Guwahati
Wednesday, December 1, 2021
More

    নাগালেণ্ডত দুটা এন এছ চি এনৰ ফৈদৰ মাজত সংঘৰ্ষ, এজন বিদ্ৰোহী নিহত

    নাগালেণ্ডত পুনৰ দুটা এন এছ চি এনৰ ফৈদৰ মাজত সংঘৰ্ষ হোৱাৰ বাতৰি লাভ কৰা গৈছে।

    এন এছ চি এন(কে) আৰু এন এছ চি এন(য়ু)ৰ গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

    নাগালেণ্ডত বহু বছৰ এন এছ চি এনৰ ফৈদ সমূহৰ মাজত যুদ্ধৰ সৃষ্টি হোৱা নাছিল যদিও পুনৰ বিদ্ৰোহী সংগঠন সমূহৰ ফৈদৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে।

    এন এছ চি এন(কে) আৰু এন এছ চি এন(য়ু)ৰ মাজৰ সংঘৰ্ষত এন এছ চি এন(কে)ৰ কেডাৰ আট’কা কিনিমি নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

    প্ৰাপ্ত তথ্য অনুসৰি, নাগালেণ্ডৰ ডিমাপুৰত দুয়োটা বিদ্ৰোহী সংগঠনৰ ফৈদৰ মাজত সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষত এন এছ চি এনৰ কেডাৰ আট’কা কিনিমিৰ মৃত্যু হোৱাৰ উপৰিও আন এগৰাকী কেডাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি তথ্য প্ৰকাশ পাইছে।

    নগা শান্তি চুক্তিৰ পূৰ্বে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনসমূহৰ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষই পৰৱৰ্তী সময়ত কি পৰ্যায় পাই সেয়া লক্ষ্যণীয় হ’ব।

    আৰু পঢ়ক :  ক’ভিডৰ পাছতে এতিয়া দিল্লীত বৃদ্ধি পাইছে এইবিধ ৰোগ, ৭০০ ৰো অধিক লোক আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং