27 C
Guwahati
Saturday, October 16, 2021
More

    দলঙৰ তলত উদ্ধাৰ যমজ দুই কন্যা সন্তানৰ মৃতদেহ, আৰক্ষীৰ অনুমান বয়স প্ৰায় ৩ মাহ

    ১৯ ছেপ্টেম্বৰ দেওবাৰৰ পুৱাই এক দলঙৰ তলত উদ্ধাৰ হয় দুটি কনমানি শিশুৰ মৃতদেহ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভে খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ শিশুদুটিৰ মৃতদেহ উদ্ধাৰ কৰে।

    আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দেখে যে শিশু দুটি যমজ সন্তান। শিশু দুটিৰ বয়স আনুমানিক ৩ মাহ মান হব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

    এই ঘটনা হিমাচল প্ৰদেশৰ। যি ঘটনাৰ বিষয়ে জনাজাত হোৱাৰ পিছতে খদমদম লাগি যায় চাৰিওফালে। মণ্ডী চহৰৰ মাজমজীয়ত থকা এখন দলঙৰ তলতে উদ্ধাৰ হয় যমজ সন্তানদুটিৰ মৃতদেহ।

    দুয়োটা শিশুৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত হে অধিক তথ্য জানিব পৰা যাব বুলি কয় আৰক্ষীৰ ফালৰপৰা ।

    বৰ্তমানে বিশেষ কোনো তথ্য জানিব পৰা হোৱা নাই শিশুদুটিৰ সন্দৰ্ভত। প্ৰত্যক্ষদৰ্শীয়ে যেতিয়া দলঙৰ তলত তেনেদৰে দেখাত একে দুটি কেচুৱা দেখে প্ৰথমে সেয়া কোনো খেলনাৰ দৰে বুলি ভাৱিছিল।

    কিন্তু কিছু সন্দেহ উপজাত ওচৰ চাপি গৈ দেখে সেয়া মানৱ সন্তনা। কোনো পিতৃ-মাতৃয়ে তেনেদৰে তাত পেলাই থৈ যায় যমজ কন্যা সন্তান দুটি। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : ৰাজ্যৰ শেহতীয়া হাফপেণ্ট বিতৰ্ক সন্দৰ্ভত কি ক’লে শিক্ষা মন্ত্ৰীয়ে?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং