28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গোলাঘাটত নতুনকৈ দুজন লোকৰ দেহত কভিডৰ সংক্ৰমণ

    গোলাঘাটত নতুনকৈ দুজন লোকৰ দেহত কভিডৰ সংক্ৰমণ

    গোলাঘাট জিলাত আজি নতুনকৈ দুজন লোকৰ দেহত কভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ১৩ গৰাকীলৈ বৃদ্ধি পায়।

    ইয়াৰে ১০ গৰাকী ঘৰতেই কোৱাৰেণ্টাইন হৈ থকাৰ বিপৰীতে দুজন যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু এজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে।

    জিলাখনত আজি ৭৭৪ জন লোকক ৰেপিড এন্টিজেন টেষ্ট আৰু ১২ জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয়।

    আজি কভিডৰ সংক্ৰমণ ধৰা পৰা এজন লোক তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ আহিছিল আৰু আনজন এই ৰোগত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ ফলত সংক্ৰমিত হৈছে।

    উল্লেখযোগ্য যে ৬ এপ্ৰিলত জিলাখনৰ তেলগৰমত সংক্ৰমণ ধৰা পৰা এজন লোক ওৰিশাৰ পৰা আহিছিল।

    জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলো লোককে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে কভিড-১৯ ৰ স্বাস্থ্য বিধিসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে।

    ইনপুট : ৰাজীৱ কৰ্মকাৰ

    আৰু পঢ়ক : কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং