মহানগৰীত ভয়ংকৰ ঘটনা ! চোতালত খেলি থকা অৱস্থাতে দুটি শিশুক অপহৰণ

0
2

মহানগৰীত ভয়ংকৰ ঘটনা ! চোতালত খেলি থকা অৱস্থাতে দুটি শিশুক অপহৰণ

মহানগৰীত পুনৰ শিশু অপহৰণৰ ঘটনা সংঘটিত হৈছে। তেতেলীয়াৰ মদন ৰায় নামৰ ব্যক্তিজনৰ ২ সন্তানক অপহৰণ কৰে দুৰ্বৃত্তই। জানিব পৰা মতে বৃহস্পতিবাবে সন্ধিয়া চোতালত খেলি থকা অৱস্থাৰ পৰাই শিশু দুটিক উঠাই নিয়ে অপহৰণকাৰীয়ে।

এখন বগা ৱেগনাৰত আহিছিল অপহৰণকাৰীৰ দলটো। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। শিশু দুটিৰ নাম বিবেক কুমাৰ আৰু অজিত কুমাৰ৷ শিশু দুটিৰ বয়স ক্ৰমে ৫ আৰু ৮ বছৰ৷ পৰিয়ালৰ লোক সকলে শিশু দুটিক বিহাৰৰ দুৰ্বৃত্তই অপহৰণ কৰাৰ সন্দেহ কৰিছে।