
জম্মু-কাশ্মীৰৰ বুডগামত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত নিহত হৈছে দুজন সন্ত্ৰাসবাদী। নিহত দুয়োজন সন্ত্ৰাসবাদীক লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বুলি চিনাক্ত কৰা হৈছে।
বুডগাম অঞ্চলত থকা সামৰিক চেকিং প’ষ্টত তদন্তৰ বাবে এখন কেব ৰখাবলৈ চেষ্টা কৰাৰ লগে লগে গাড়ীখনৰ ভিতৰৰ পৰা সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰে।
লগে লগে নিৰাপত্তা বাহিনীয়ও প্ৰত্যুত্তৰত গুলীচালনা আৰম্ভ কৰে। এই এনকাউণ্টাৰত দুয়োজন সন্ত্ৰাসবাদী নিহত হয়।
এজন বিষয়াই জনোৱা মতে, এখন কেব ৰখাবলৈ সংকেত দিয়া হৈছিল যদিও ভিতৰত থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীক গুলীচালনা কৰাত নিৰাপত্তাৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে।
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান কাশ্মীৰ বিজয় কুমাৰে কয় যে বুডগাম এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদী দুজনক চিনাক্ত কৰা হৈছে। লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ সৈতে জড়িত আছিল তেওঁলোক।
বিজয় কুমাৰে কয় যে নিহত সন্ত্ৰাসবাদী দুয়োজনেই পুলৱামাৰ আৰ্বাজ মিৰ আৰু শ্বাহিদ শ্বেখ বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই সন্ত্ৰাসবাদী সংগঠনটোৰ বাবে কাম কৰিছিল।
ইয়াৰ পূৰ্বেও এই এনকাউণ্টাৰত দুয়োজন সন্ত্ৰাসবাদী পলায়ন কৰিছিল যদিও এইবাৰ নিৰাপত্তা বাহিনীয়ে তেওঁলোকক হত্যা কৰিবলৈ সক্ষম হয় বুলি জনায়।