
গোৱালপাৰা জিলাৰ ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত মালাধৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত দুজনকৈ লোকে থিতাতে মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
দুৰ্ঘটনাত মৃত্যু হোৱা দুজন লোকৰ ভিতৰত এজন অঞ্চলটোৰ জনপ্ৰিয় ফুটবল খেলুৱৈ বুলি জানিব পৰা গৈছে। প্ৰতিভাৱান ফুটবল খেলুৱৈগৰাকী হৈছে মনজিৎ ৰাভা।
আনগৰাকী মৃত লোকৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই।
জানিব পৰা মতে, দুখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোত আহত দুজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়।
ইতিমধ্যে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ নিহত দুয়োজন লোককে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ইনপুট: মঞ্জুৰ ভূঞা