ভয়াৱহ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ গছত খুন্দা বাহনৰ, সহকাৰী শিক্ষকসহ দুজনৰ মৃত্যু

0
576

জোনাইত মঙলবাৰে নিশা প্ৰায় ১১ মান বজাত গালী ৰঙাজানস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাটোত থিতাতে দুজন লোক নিহত হয়।

জানিব পৰা মতে লাইমেকুৰীৰ পৰা জোনাইলৈ আহি থকা এ এছ০১ ডিএম ৫০৮৭ নম্বৰৰ হুণ্ডাই আই ২০ গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাতিত থকা এজোপা গছত তীব্ৰ জোৰেৰে খুন্দা মাৰে৷

ফলত গাড়ীৰ ভিতৰত থকা তিনিজন ব্যক্তিৰ দুজন লোক থিতাতে নিহত হয়৷ এজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

নিহত ব্যক্তি দুজন লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ক্ৰমে জোনাই লাইমেকুৰী আদৰ্শ বিদ্যালয়ৰ সহকাৰী শিক্ষক আচল মহন্ত আৰু আনজন নিহত হৃদয় ৰঞ্জন দত্ত আচল মহন্তৰ সম্পৰ্কীয় ভতিজা বুলি জানিব পৰা গৈছে।

আনহাতে গুৰুতৰভাৱে আহত ব্যক্তিজন বিশ্বনাথৰ লীলা ছেত্ৰী বুলি চিনাক্ত কৰিছে। ছেত্ৰীয়েও একেখন বিদ্যালয়ৰে সহকাৰী শিক্ষক।

ইনপুট : ৰাহুল দলে