সাম্প্ৰদায়িক সংঘৰ্ষ; দুজন নিহত আৰু ৬ জন আহত, জাৰি ১৪৪ ধাৰা

0
2351

কৰ্ণাটকৰ কোপ্পল জিলাৰ হুলিহাইদাৰ গাঁৱত দুটা ফৈদৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত দুজন লোক নিহত হোৱাৰ লগতে ৬ জন লোক আহত হয়। আহত আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

প্ৰশাসনে অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছে।

স্থানীয় আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, প্ৰেম সম্পৰ্কীয় ঘটনাৰ বাবেই দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

প্ৰাথমিক তথ্য অনুসৰি, দুটা ভিন্ন সম্প্ৰদায়ৰ এজন যুৱক আৰু এগৰাকী যুৱতীৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক। মহৰমৰ এটা অনুষ্ঠানৰ সময়ত প্ৰেমিকজনে প্ৰেমিকাক লগ কৰিবলৈ গৈছিল আৰু তাৰ পিছৰে পৰা পৰিস্থিতি বেয়াৰ ফালে গতি কৰে।

প্ৰথম অৱস্থাত দুয়োটা ফৈদৰ মাজত তীব্ৰ বাক বিতণ্ডা হৈছিল যদিও কিছু সময়ৰ পিছতে হিংসাত্মক সংঘৰ্ষলৈ পৰিণত হয়।

এই ঘটনাত আহত হৈছে ৮ জন লোক। ইয়াৰে ২২ বছৰীয়া পাছা ৱালি আৰু ৬০ বছৰীয়া য়েনকাপা টলাৱাদৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।