নিৰ্বাচনৰ পূৰ্বে গুজৰাটত গুলীয়াগুলী, অৰ্ধসামৰিক বাহিনীৰ দুজন জোৱানৰ মৃত্যু

0
96

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুজৰাটত শনিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। ৰাজ্যখনৰ পোৰবন্দৰৰ সমীপত নিৰ্বাচনী দায়িত্বত নিয়োজিত অৰ্ধসামৰিক বাহিনীৰ কৰ্মীৰ মাজত সৃষ্টি হোৱা বিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত দুগৰাকী জোৱানে প্ৰাণ হেৰুৱাইছে।

সহকৰ্মীৰ গুলীত দুগৰাকী জোৱানৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী জোৱান আহত হৈছে। জানিব পৰা মতে, জোৱান কেইগৰাকীৰ মাজত সন্ধিয়া কাজিয়াৰ সূত্ৰপাত হয়।

এই বিবাদ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰাত এগৰাকী জোৱানে নিজৰ এ কে ৫৬ ৰাইফলেৰে গুলীচালনা কৰে।

ঘটনাস্থলীত মণিপুৰৰ ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন (IRB) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF)ৰ দল নিয়োজিত আছিল বুলি পোৰবন্দৰৰ কালেক্টৰ তথা জিলা নিৰ্বাচনী বিষয়া এ এম শৰ্মাই সদৰী কৰিছে।

অৱশ্যে কি কাৰণত জোৱানকেইগৰাকীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল, সেয়া জানিব পৰা নাই।

এই সন্দৰ্ভত বৰ্তমান তদন্ত আৰম্ভ কৰা হৈছে বুলি বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে।