মধ্যপ্ৰদেশৰ আকাশমাৰ্গত ভয়ংকৰ দুৰ্ঘটনাত পতিত বায়ুসেনাৰ দুখন যুদ্ধ বিমান

0
57

শনিবাৰে পুৱা মধ্যপ্ৰদেশৰ মুৰেনাৰ আকাশমাৰ্গত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। বায়ুসেনাৰ দুখন যুদ্ধ বিমান সুখয়-৩০ আৰু মিৰাজ ২০০০ দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাৰ সবিশেষ জানিব পৰাৰ লগে লগে উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হৈ ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলায়।

প্ৰতিৰক্ষা সূত্ৰৰ মতে, অনুশীলনৰ বাবে মধ্যপ্ৰদেশৰ গোৱালিয়ৰ বিমান ঘাটিৰ পৰা উৰা মাৰিছিল দুয়োখন যুদ্ধ বিমান।

সংবাদ মাধ্যমৰ আগত মুৰেনাৰ জিলাধিকাৰীয়ে কয় যে ৰাতিপুৱা প্ৰায় ৫:৩০ বজাত দুয়োখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুয়োজন পাইলট নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।

উল্লেখ্য যে, কিছু সময়ৰ পূৰ্বে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা উৰা মৰা এখন হেলিকপ্টাৰ ৰাজস্থানৰ ভাৰতপুৰ জিলাৰ উচাইন এলেকাত দুৰ্ঘটনাগ্ৰস্ত হয়।

জিলা উপায়ুক্ত আলোক ৰঞ্জনে জনোৱা মতে, ভাৰতপুৰত এখন চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ঘটনাস্থলত আৰক্ষী আৰু প্ৰশাসনৰ বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।