26 C
Guwahati
Wednesday, September 28, 2022
More

    সত্ৰনগৰী মাজুলীত নিৰ্লজ্জ ঘটনা, মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণৰ চেষ্টা দুই পাষণ্ডৰ

    সত্ৰনগৰী মাজুলীত নিৰ্লজ্জ ঘটনা, মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণৰ চেষ্টা দুই পাষণ্ডৰ

    আজি ১২ আগষ্ট শুকুৰবাৰে সত্ৰনগৰী মাজুলীৰ পৰা আহিছে এক এতিকে নিৰ্লজ্জ ঘটনাৰ খবৰ। মাজুলীৰ দক্ষিণপাতত এগৰাকী মানসিকভাৱে অক্ষম তথা বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণৰ চেষ্টা দুই পাষণ্ড যুৱকৰ।

    ধৰ্ষণৰ চেষ্টাৰ অভিযোগ উত্থাপন হোৱাৰ পাছকে দুয়ো যুৱকক আটক কৰে মাজুলী আৰক্ষীয়ে। দুয়োৰে বিৰুদ্ধে ধৰ্ষণৰ অপচেষ্টাৰ বাবে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

    জানিব পৰা অনুসৰি, ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ থকা দুই পাষণ্ড সঞ্জীৱ দাস আৰু ৰাজ দাস বুলি চিনাক্ত । বৰ্তমানে দুয়োকে মাজুলীত আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি সোধপোছ অব্যাহত ৰাখিছে।

    আৰু পঢ়ক- কংগ্ৰেছ বিধায়কৰ জোঁৱাইৰ বাহনে মহতিয়াই নিলে এফালৰ পৰা, ৬ জনৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং