এজন যুৱকৰ সৈতে দুগৰাকী যুৱতী বিয়াৰ বাবে আকোৰগোজ আৰু অৱশেষত…..

0
1064
এজন যুৱকৰ সৈতে দুগৰাকী যুৱতী বিয়াৰ বাবে আকোৰগোজ আৰু অৱশেষত
ফটো সৌজন্য-ইণ্টাৰনেট

এজন যুৱকৰ সৈতে দুগৰাকী যুৱতী বিয়াৰ বাবে আকোৰগোজ আৰু অৱশেষত…..

বিবাহক লৈ কৰ্ণাটকৰ এখন গাঁৱত সংঘটিত হৈছে এক ৰোমাঞ্চকৰ ঘটনা।

এজন যুৱকে দুজন যুৱতীৰ সৈতে সম্পৰ্ক ৰখাৰ পাছতে বিয়াৰ সময়ত দুয়োগৰাকী যুৱতী একেলগে উপস্থিত হয়।

যুৱক জনে এগৰাকী যুৱতীৰ সৈতে বিয়া থিক কৰাৰ কথা গম পোৱাৰ পাছতে অন্য গৰাকী যুৱতীয়ো যুৱকজনৰ ওচৰত উপস্থিত হয়।

দুয়োগৰাকী যুৱতীয়ে যুৱকজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ বাবে আকোৰগোজ হৈ থাকে।

গাঁওবাসীয়ে বহু সময় ধৰি দুয়োগৰাকী যুৱতীক বুজোৱাৰ চেষ্টা কৰিছিল যদিও দুয়োগৰাকী যুৱতীয়ে যুৱকজনৰ সৈতেই বিয়াত বহাৰ ক্ষেত্ৰত নিজৰ মতত অটল হৈ থাকে।

ইয়াৰ পাছতে গাঁওবাসীয়ে টছৰ জৰিয়তে কোনগৰাকী যুৱতীয়ে যুৱককজনৰ সৈতে বিয়াত বহিব সেই কথা নিৰ্ণয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

টছৰ সমষ্ট প্ৰক্ৰিয়া হোৱাৰ পাছতে যুৱকজনে যিগৰাকী যুৱতীয়ে প্ৰেমৰ বাবে আত্মহত্যা কৰিব বিচাৰিছিল সেইগৰাকী যুৱতীক আকোৱালি লয়।

যুৱকজনৰ এই কাৰ্য্যৰ পাছতে অন্যগৰাকী যুৱতীয়ে যুৱকজনক প্ৰচণ্ড চৰ সোধাই আৰু তাৰ পাছতে সেই ঠাই পৰিত্যাগ কৰে।

অৱশেষত যুৱকজনে অন্যগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

আৰু পঢ়ক : দ্ৰুততম ১০০ উইকেট, টেষ্ট ক্ৰিকেটত নতুন অভিলেখ জাচপ্ৰীত বুমৰাহৰ