17 C
Guwahati
Saturday, December 4, 2021
More

    পুনৰ এনকাউণ্টাৰ; এইবাৰ আৰক্ষীৰ গুলীত আহত হ’ল দুজনকৈ ড্ৰাগছ ব্যৱসায়ী

    ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ তিনিচুকীয়াত আৰক্ষীৰ গুলীত আহত হ’ল দুজন ড্ৰাগছ ব্যৱসায়ী।

    ঘটনাস্থলৰ পৰা লাভ কৰা প্ৰাথমিক তথ্য অনুসৰি, আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীৰ গুলীত ড্ৰাগছ ব্যৱসায়ী দুজন আহত হয়।

    গুলীবিদ্ধ লোক দুজন নাগালেণ্ডৰ অপেন নুলী আৰু অমৰ দাস বুলি জানিব পৰা গৈছে।

    প্ৰাপ্ত তথ্য অনুসৰি, এ এছ ০৩ জেড ৭১৭২ নম্বৰৰ এখন বেলেন’ বাহনত ড্ৰাগছ ব্যৱসায়ী দুজন আহিছিল।

    এই কথা জানিব পাৰি আৰক্ষীয়ে তিনিচুকীয়াৰ বাইপাছত বাহনখন ৰখাই তালাচী কৰিব লওতেই দুয়োজনে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলীচালনা কৰে।

    আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনক লক্ষ্য কৰি ৭ ৰাউণ্ড গুলী চলোৱাত গুৰুতৰভাৱে আহত হয় দুয়োজন।

    বৰ্তমান গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী দুজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং