
নাগালেণ্ডলৈ কুকুৰ সৰবৰাহ কৰি থকা অৱস্থাত আটক দুজন কুকুৰ সৰবৰাহকাৰী
ৰাজ্যত কুকুৰৰ চোৰাং বেহা অব্যাহত আছে। গোলাঘাটত আৰক্ষীৰ জালত পৰে কুকুৰৰ চোৰাং সৰবৰাহকাৰীৰ এটা দল।
গোলাঘাটৰ পৰা নাগালেণ্ডলৈ চাৰিটা পোহনীয়া কুকুৰ সৰবৰাহ কৰি থকাৰ সময়তে জিলাখনৰ শালিকীহাটত দুজন কুকুৰ সৰবৰাহকাৰীক ৰাইজে আটক কৰি আৰক্ষীৰ হাতত গটায় দিয়ে।
আৰক্ষীৰ জেৰাত কুকুৰ সৰবৰাহকাৰী কেইজনে ২৫০০ টকাৰ বিনিময়ত তিনিটা কুকুৰ মাংসৰ বাবে ক্ৰয় কৰি অনা বুলি সদৰী কৰে।
আটক হোৱা লোক দুজন হৈছে ক্ৰমে- ডিমাপুৰৰ আবে কিৰে আৰু অসমৰ চিলনীজানৰ সীমান্ত বৰা।
আটক হোৱা লোকদুজনে অসমৰ পৰা প্ৰায়ে নাগালেণ্ডলৈ এনেদৰে কুকুৰ চোৰাংভাৱে সৰবৰাহ কৰি আহিছে বুলি স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰিছে।
ইনপুট- ৰাজীৱ কৰ্মকাৰ
আৰু পঢ়ক : তামিলনাডুত প্ৰবল বৰষুণৰ বাবে ঘৰ খহি টোপনিতে কৰুণ মৃত্যু ৯ গৰাকী লোকৰ