31 C
Guwahati
Tuesday, September 27, 2022
More

    জেহাদীৰে সম্পৰ্কৰ অভিযোগত মৰিগাঁৱত দুজন লোকক আটক

    জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত মৰিগাঁৱত আজি পুনৰ দুজন লোকক সোধা-পোচাৰ বাবে আটক কৰিছে মৰিগাঁও আৰক্ষীয়ে।

    আৰক্ষীয়ে মৰিগাঁও চহৰৰ মাজ মজিয়াত থকা মিলনপুৰৰ নুৰ মছজিদৰ পলাতক ইমাম আহমেদ আলী আৰু ভোৰাগাঁও ফলিহামাৰী পথাৰৰ জিয়াৰোল হক নামৰ দুজন ব্যক্তিক আটক কৰিছে।

    আটক কৰা লোক দুজনৰ আহমেদ আলী বিগত ২৯ জুলাইৰ পৰা পলাতক অৱস্থাত আছিল।

    আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই পলাতক অৱস্থাত লোক দুজনক ভোৰাগাঁৱৰ বিশেষ স্থানৰ পৰা আটক কৰিছে।

    নুৰ মছজিদৰ ইমাম আহমেদ আলী ধৃত জেহাদী মুফ্টি মুস্তাফা আৰু পলাতক আবু তাল্লাহৰ সৈতে সম্পৰ্ক আছিল বুলি আৰক্ষীয়ে জনাইছে।

    আহমেদ আলীয়ে আবু তাল্লাহক মিলনপুৰৰ এটা ভাড়া ঘৰত থকাৰ সুবিধা কৰি দিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং