17 C
Guwahati
Sunday, December 5, 2021
More

    চামগুৰিত দুটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, ঘটনাস্থলীত উপস্থিত আনন্দ মিশ্ৰ

    চামগুৰিৰ মহংবস্তীত ৰহস্যজনক অৱস্থাত আজি দুটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

    উদ্ধাৰ হোৱা মৃতদেহ দুটা ক্ৰমে তনুজা টিমুং আৰু দিলীপ টিমুঙৰ বুলি চিনাক্ত কৰা হয়।

    দুয়ো সম্পৰ্কত স্বামী আৰু স্ত্ৰী। তনুজা টিমুঙৰ মৃতদেহ ঘৰৰ ভিতৰত উদ্ধাৰ হোৱাৰ বিপৰীতে স্বামী দিলীপ টিমুঙৰ মৃতদেহ চাহ বাগিছাৰ কাষত উদ্ধাৰ হয়।

    প্ৰথম অৱস্থাত স্থানীয় ৰাইজে খাদ্যত বিষক্ৰিয়াৰ ফলতে দুয়োৰো মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও পৰৱৰ্তী সময়ত এয়া হত্যাকাণ্ড হব পাৰে বুলিও একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে।

    ইপিনে, মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

    ইনপুট- এন জে হ’ক

    আৰু পঢ়ক : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব তৃণমূল প্ৰধান মমতা বেনাৰ্জীয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং