28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মনোনয়ন পত্ৰত আচৰিত সামঞ্জস্য, দুগৰাকী প্ৰাৰ্থীৰ একেই চাহৰ দোকান লগতে স্বামীয়ো হৈ পৰিল গৃহিনী

    মনোনয়ন পত্ৰত আচৰিত সামঞ্জস্য, দুগৰাকী প্ৰাৰ্থীৰ একেই চাহৰ দোকান লগতে স্বামীয়ো হৈ পৰিল গৃহিনী। এই আজৱ ঘটনা সংঘটিত হৈছে এইখন অসমৰে এখন জিলাত। বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব লগা দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰত আচৰিত ভাৱে সামঞ্জস্য দেখা পোৱা গৈছে।

    প্ৰাৰ্থী দুগৰাকীৰ এগৰাকী পুৰুষ প্ৰাৰ্থী আৰু আনগৰাকী মহিলা প্ৰাৰ্থী। দুয়োগৰাকীয়ে দাখিল কৰা শপতনামাত পেছা একেই। দুয়োগৰাকীৰে যোৰহাট মেডিকেল কলেজ কেম্পাছৰ ভিতৰত এখন চাহৰ দোকান আছে ।

    কেৱল সেয়াই নহয় মহিলা প্ৰাৰ্থীগৰাকীৰ শপত নামাত তেখেতৰ স্বামী গৃহিনী বুলি উল্লেখ আছে।

    প্ৰাৰ্থী দুগৰাকী হৈছে টিয়ক সমষ্টিৰ লোকজনশক্তিৰ ৰুবী নেওগ বৰা আৰু যোৰহাট সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দীতা আগবঢ়োৱা ৰনজিত বৰুৱা। দুয়োগৰাকী প্ৰাৰ্থীৰে শপতনামাত দেখা পোৱা গৈছে এনে বিসংগতি।

    অৱশ্যে এই ক্ষেত্ৰত মহিলা প্ৰাৰ্থী গৰাকীয়ে সেই স্থানত তেনেকুৱা একো দোকান নাই বুলি নিজেই সকলোৰে আগত স্বীকাৰ কৰিছে।

    নিজ নিজ স্বাক্ষৰিত মনোনয়ন পত্ৰদুখন হুবহু মিল থকা সন্দৰ্ভত আৰু একো চাহৰ দোকান নথকা সত্তেও কিয় শপতনামাত তেনেদৰে দিয়া বুলি প্ৰশ্ন কৰাত ৰুবী নেওগ বৰাই সাংবাদিকক মন্তব্য দিয়াৰ পৰা বিৰত থাকে। সমগ্ৰ ঘটনা সম্পৰ্কে তেখেতে অজ্ঞতা প্ৰকাশ কৰে।

    আৰু পঢ়ক :  লোকে লোকাৰণ্য কাক কয়, তাৰেই প্ৰমাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ সমদলত, চাওক দিনটোৰ ফটো

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published