29 C
Guwahati
Friday, September 17, 2021
More

    ছেলফী উঠাৰ চখ, ৰে’লৱে লাইনৰ সমীপত ছেলফী উঠিবলৈ গৈ একেলগে প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে

    যি কোনো প্ৰকাৰে এখন ভাল ফটো লাগে। স্থান যিয়েই নহওঁক, ফটো ভাল লাগে মুঠৰ ওপৰত। যাৰ বাবে দুই ভাতৃয়ে ছেলফী উঠিবলৈ স্থান বিচাৰি পালে ৰে’লৱে লাইন। পিছে ফটো উঠি থাকোঁতেই ৰে’ল গাড়ীয়ে মহতিয়াই নিলে দুয়ো ভাতৃক।

    এই ঘটনা উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি দুয়ো ভাতৃয়ে ঘুৰা ফুৰা কৰি আহি সেইখিনি ঠাই পোৱাত ছেলফী উঠিবলৈ ধৰে। দুয়ো ভাতৃ ২২ বৰ্ষীয় ছলমান আৰু ২৩ বৰ্ষীয় বছীম।

    পিছে ইয়াৰে ২৩ বৰ্ষীয় বছীম শাৰীৰিক ভাৱে কিছু অক্ষম আছিল। যাৰ বাবে ৰে’ল অহাত দৌৰা দৌৰি কৰি আঁতৰিব ধৰোতেই পৰি যায়। আনগৰাকী ভাতৃয়ে সহায় কৰিবলৈ ধৰে যদিও তীব্ৰ বেগে অহা ৰে’লে মুহূৰ্ততে মহতিয়াই নিয়ে দুয়োকে।

    আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে, ৰে’লখন হাওড়াৰ পৰা দিল্লী অভিমুখে গৈ আছিল। সেই ৰে’লৰ সমুখতে এইদৰে দুৰ্ঘটনাত পতিত হয়।

    আৰু পঢ়ক : টেক্টৰত কঢ়িয়াই অনা কাঠৰ কুণ্ডা বাগৰি এজন কিশোৰৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং