দুই বিজেপি নেতাৰ মাজত প্ৰচণ্ড মাৰপিট, আঘাতৰ লগতে কাপোৰ ফালি চিৰাচিৰ

0
336

দুই বিজেপি নেতাৰ মাজত প্ৰচণ্ড মাৰপিট, আঘাতৰ লগতে কাপোৰ ফালি চিৰাচিৰ

দুই বিজেপি নেতাৰ মাজত প্ৰচণ্ড মাৰপিট, আঘাতৰ লগতে কাপোৰ ফালি চিৰাচিৰ। হোজাইৰ ভালুকমাৰীত সংঘটিত হৈছে এই ঘটনা। নিশা বিজেপিৰ দুই নেতাৰ মাজত মাৰপিট।

মাৰপিটত লিপ্ত জিলা কিষান মৰ্চাৰ উপ সভাপতি মানিক গোস্বামী আৰু প্ৰাক্তন জিলা সম্পাদক ৰাজেশ চৌবে। ভূমি বিবাদ সংক্ৰান্তত ৰাজেশ চৌবেৰ বিৰুদ্ধে মানিক গোস্বামীয়ে আৰক্ষীক সাক্ষ্য দিয়াত মানিক গোস্বামীক আক্ৰমণ কৰাৰ অভিযোগ।

মাৰপিটত আহত বিজেপিৰ দুই নেতা সহ অন্য কেইবাজনো লোক। ঘটনা সংক্ৰান্তত বিজেপিৰ দুই নেতাই পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰিছে গোচৰ।

লংকা আৰক্ষীয়ে নিশাই দুয়োগৰাকী বিজেপি নেতাক আটক কৰি তদন্ত চলাই আছে ।

Input and Photo- Biswajit Karmakar

আৰু পঢ়ক : কোন দিশে মানুহৰ মানসিকতা ! ৰাজ্যত পুনৰ ৯ বছৰীয়া কন্যা ধৰ্ষণৰ বলি