চাঞ্চল্যকৰ অপহৰণ কাণ্ড; ফুটপাথৰ পৰা এমহীয়া শিশু লৈ উধাও দুই বাইক আৰোহী

0
76

চাঞ্চল্যকৰ অপহৰণৰ ঘটনা, ফুটপাথৰ পৰা এমহীয়া শিশু লৈ উধাও দুই বাইক আৰোহী

চাঞ্চল্যকৰ অপহৰণৰ ঘটনা সংঘটিত হৈছে। চিচিটিভি কেমেৰাত বন্দী হৈছে সমগ্ৰ ঘটনাটো। অৱশ্যে ঘটনা সন্দৰ্ভত কোনো গোচৰ ৰুজু হোৱা নাই বুলি জানিব পৰা গৈছে। শ্ৰমিকজনে অভিযোগ কৰা মতে আৰক্ষীয়ে ঘটনাটোক অৱহেলা কৰিছে।

চিচিটিভি ফুটেজ অনুসৰি শনিবাৰে নিশা প্ৰায় ১০ মান বজাত ঘটনাটো সংঘটিত হৈছে। ভুক্তভোগী শিশুটোৰ পৰিয়ালে অভিযোগ দাখিলৰ বাবে আৰক্ষীৰ কাষ চাপিও কোনো ধৰণৰ সুফল পোৱা নাই বুলি জানিবলৈ দিয়ে।

ঝাৰখণ্ডৰ ধানবাদ জিলাত সংঘটিত হৈছে এই অপহৰণৰ ঘটনাটি। জোদাফাটক কবৰস্থান ৰোডৰ সমীপত ফুটপাথৰ পৰাই এটি শিশু অপহৰণ কৰি লৈ যায় দুই বাইক আৰোহীয়ে। দৈনিক মজুৰী কৰা শ্ৰমিকৰ কন্যা আছিল অপহৃত এমহীয়া শিশুটো।

সূত্ৰৰ অনুসৰি, পিতৃ-মাতৃৰ সৈতে নিশা ফুটপাথত শুই আছিল শিশুটি তেনে সময়তে বাইক চলাই অহা দুজন লোক তেওঁলোকৰ ওচৰলৈ গৈছিল। বাইক আৰোহীৰ এজনে কিছু সময় তাত ৰৈছিল আৰু অঞ্চলটোত বাহনৰ চলাচল বন্ধ হোৱাৰ বাবে অপেক্ষা কৰিছিল। এটা সময়ত উক্ত স্থানলৈ গৈ এমহীয়া শিশুটো লৈ লোক দুজনে তাৰ পৰা বাইকেৰে পলায়ন কৰে।

শিশুটোৰ পিতৃ অশোক ৰেৱানীয়ে কয় যে তেওঁলোকে কবৰস্থান ৰোডৰ সমীপৰ এডোখৰ ঠাইত শুই আছিল। কাম শেষ কৰাৰ পাছত ঘৰলৈ যোৱাৰ সলনি ৰাতিটো তাতেই কটোৱাৰ সিদ্ধান্ত লৈছিল।

আনহাতে, আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে কোৱা অনুসৰি, অভিযোগ দাখিল কৰিবলৈ কোনেও আগবাঢ়ি অহা নাছিল। যেতিয়া কোনো পীড়িত ব্যক্তি অভিযোগ পঞ্জীয়ন কৰিবলৈ আৰক্ষী থানালৈ আহে তেতিয়া বিষয়টো গুৰুত্ব সহকাৰে লোৱা হ’ব বুলি আৰক্ষীয়ে অৱগত কৰে।