33 C
Guwahati
Wednesday, October 13, 2021
More

    মেঘালয়ত পুজা চাবলৈ গৈ অসমৰ দুজন যুৱকৰ মৃত্যু

    মেঘালয়ত পুজা চাবলৈ গৈ অসমৰ দুজন যুৱকৰ মৃত্যু

    মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত পুজা চাবলৈ গৈ অসমৰ দুজন যুৱকৰ মঙলবাৰে নিশা মৃত্যু হয়।

    মৃত্যু হোৱা যুৱক দুজন মানকাচাৰৰ পানকাটা কুৰালভাংগা গাঁৱৰ বুলি জানিব পৰা গৈছে।

    মটৰ চাইকেল লৈ পুজা চাবলৈ গৈ উভতি অহাৰ সময়তে মটৰ চাইকেল দুৰ্ঘটনাত মৃত্যু হয় যুৱক দুজনৰ।

    মৃত্যু হোৱা যুৱক দুজনৰ নাম মুললুক চান আৰু আহিনুৰ ইছলাম।

    উল্লেখযোগ্য যে, মৃত্যু হোৱা যুৱক দুজন বিভিন্ন সামাজিক কাম-কাজৰ সৈতেও জড়িত হৈ আছিল।

    কিছুদিন পূৰ্বে মানকাচাৰৰ এখন গাঁৱত পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱা সন্দৰ্ভতো দুয়োজন যুৱকে সংবাদ মাধ্যমক অৱগত কৰিছিল।

    ইপিনে, আৰক্ষীয়ে দুয়োজন যুৱকৰ মৃতদেহ দুটা উদ্ধাৰ কৰি মেঘালয়ৰ গাৰোবাধা স্বাস্থ্য কেন্দ্ৰত ৰাখিছে।

    আৰু পঢ়ক : বিনামূলীয়া ক’ভিড ভেকচিনৰ বাবেই বৃদ্ধি হৈছে ইন্ধনৰ মূল্য : কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং