19 C
Guwahati
Saturday, January 15, 2022
More

    উৰুকাৰ দিনা সংঘটিত ৰেইল দুৰ্ঘটনাত মৃত্যু হোৱা ৯ জনৰ দুজন অসমৰ, নাম প্ৰকাশ

    উৰুকাৰ দিনা সংঘটিত ৰেইল দুৰ্ঘটনাত মৃত্যু হোৱা ৯ জনৰ দুজন অসমৰ, নাম প্ৰকাশ

    উৰুকাৰ দিনটোতে সংঘটিত ভয়ংকৰ ৰেইল দুৰ্ঘটনাটোত এই পৰ্যন্ত ৯ জনকৈ লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। মৃত লোক কেইজনৰ ভিতৰত অসমৰ দুজন লোক আছে।
    শেহতীয়কৈ প্ৰকাশ পোৱা তথ্য অনুসৰি ৰেইল দুৰ্ঘটনাটোত মৃত্যু হোৱা অসমৰ দুগৰাকীক ক্ৰমে ১২ বছৰীয়া কিশোৰী চাধি খাতুন আৰু আনগৰাকী গুৱাহাটীৰ ৬৮ বছৰীয়া শান্তা দেৱী বুলি চিনাক্ত কৰা হৈছে।
    ইতিমধ্যে নিহত সকলক পাঁচ লাখ আৰু আহত সকলক ২ লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
    উল্লেখ্য যে বিহাৰৰ পাটনাৰ পৰা গুৱাহাটী অভিমুখী বিকানেৰ এক্সপ্ৰেছ ৰেইলখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
    এই ঘটনা পাটনাৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত পশ্চিম বংগৰ জলপাইগুৰিত সংঘটিত হৈছিল।
    দুৰ্ঘটনাটোত ৯ গৰাকী লোক মৃত্যু হোৱাৰ উপৰি ৩৬ গৰাকী গুৰুতৰভাৱে আহত হৈছে। আহত সকলৰ চিকিৎসা চলি আছে।

    আৰু পঢ়ক : মোদীৰ নিৰাপত্তা উলংঘনৰ ঘটনাৰ বাবে দুখ প্ৰকাশ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং