35 C
Guwahati
Saturday, October 1, 2022
More

    দুৰ্নীতি নিবাৰক শাখাৰ দুটা পৃথক অভিযানত গ্ৰেপ্তাৰ দুজনকৈ ঘোচখোৰ চৰকাৰী বিষয়া

    বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে বোকাখাত মহকুমা আবকাৰী বিভাগৰ কাৰ্যালয় সহায়ক।

    উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা চৰকাৰী বিষয়াজন লোহিত ফুকন বুলি জানিব পৰা গৈছে৷

    বিলাতী সুৰাৰ ব্যৱসায়ী নিলোৎপল ৰাজখোৱাৰ পৰা ধন লোৱাৰ সময়তে হাতে-লোটে ধৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে।

    ৰাজখোৱাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে লোহিত ফুকনক।

    ইফালে তামুলপুৰ উপ-পঞ্জীয়কৰ কাৰ্যলয়তো দুৰ্নীতি নিবাৰক শাখাই চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হৈছে গোপীনাথ দাস নামৰ এগৰাকী কৰ্মচাৰী।

    বিবাহ পঞ্জীয়নৰ কামত উৎকোচ লৈ থকা সময়তে হাতে-লোটে আটক কৰে দাসক।

    এই পৰ্যন্ত তামুলপুৰ উপ-পঞ্জীয়কৰ কাৰ্যলয়ত তদন্ত অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই।

    উল্লেখ্য যে, বিগত কিছু দিনৰ পৰা অধিক তৎপৰ হোৱা দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰীকাও ঘোচখোৰ চৰকাৰী বিষয়া গ্ৰেপ্তাৰ হৈছে।

    ইনপুট : বোকাখাতৰ পৰা কিষাণ ছেত্ৰী আৰু তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং