26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কংগনাৰ এইবাৰ ৰেহাই নাই, টুইটাৰত হ’ব পাৰে নিষিদ্ধ! ইতিমধ্যেই ২ টা টুইট ডিলিট

    বলীউডৰ অন্যতম অভিনেত্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে এইবাৰ খৰ্গহস্ত হৈছে টুইটাৰ কৰ্তৃপক্ষ। এইবাৰ আৰু ৰেহাই নাপাই কংগনাই। টুইটাৰত নিষিদ্ধ হৈ পৰিব পাৰে কংগনা। ইতিমধ্যেই টুইটাৰ কৰ্তৃপক্ষই ডিলিট কৰি দিছে দুটা আপত্তিজনক টুইট।

    কৃষক আন্দোলনক লৈ বিগত কেইবাদিনো সঘনাই বিতৰ্কিত মন্তব্যৰে টুইট কৰি থকা কংগনা সদ্যহতে দিয়া দুটা টুইট কিছু সময় পূৰ্বে ডিলিট কৰি দিয়ে টুইটাৰ কৰ্তৃপক্ষই।

    যি সকল বিশেষ ব্যক্তিয়ে কৃষক আন্দোলন সন্দৰ্ভত টুইট কৰিছে সেই প্ৰায় সকলোকে কিবা নহয় কিবা মন্তব্যৰে উত্তৰ দি গৈছে কংগনাই। বিশ্ব বিখ্যাত গায়িকা ৰিহানাৰ পৰা আদি কৰি ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মালৈ।

    ৰোহিত শৰ্মাই কৃষক সন্দৰ্ভত দিয়া টুইট টোৰ পিছতে কংগনাই কয় যে, এইসকলে ভয়তে নিজৰ মন্তব্য খোলোচাকৈ সদৰি কৰা নাই। লগতে ধোবীৰ কুকুৰৰ সৈতে তুলনা কৰিছে।

    এই মন্তব্যৰ পিছতে ৰোহিত শৰ্মাই কিবা ক’ব তাৰ আগতেই টুইটাৰ কৰ্তপক্ষই কংগনাৰ বিৰুদ্ধে এক্সন লয় আৰু টুইট ডিলিট কৰি দিয়ে।

    আৰু পঢ়ক : কোকৰাঝাৰত প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰীৰ ঘৰত তালাচী, বহু আপত্তিজনক বস্তু উদ্ধাৰঃ আৰক্ষী অধীক্ষক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং