দৰা এজন-কইনা দুজনী, তাকো দুয়ো ভগ্নী; সামাজিক মাধ্যমত বিয়পিল বিয়াৰ ভিডিঅ’

0
4822

দৰা এজন-কইনা দুজনী, তাকো দুয়ো ভগ্নী; সামাজিক মাধ্যমত বিয়পিল বিয়াৰ ভিডিঅ’

এখন কিছু ব্যতিক্ৰমি বিবাহ অনুষ্ঠান। বিয়াৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে। কিয়নো বিয়া খনত দুগৰাকী কইনাই বৰ মালা পিন্ধাইছে এজনেই দৰাক।

হয়, বিয়া খনত এজন দৰা আৰু কইনা দুগৰাকী। তাকো কোনো অন্য ধৰ্ম নহয়, হিন্দু ধৰ্মতেই হৈছে এই বিবাহ। সম্পূৰ্ণ হিন্দু ধৰ্ম ৰীতি-নীতিৰে হোৱা এই বিবাহৰ ভিডিঅ’ এতিয়া সকলোতে ভাইৰেল।

মুম্বাইৰ চোলাপুৰত এই ব্যতিক্ৰমি বিবাহ অনুষ্ঠানখন অনুষ্ঠিত হৈছে। একেজন মানুহক বিয়া কৰাইছে দুই ভগ্নীয়ে, যি যমজ। দুয়োখন ঘৰৰ সম্পূৰ্ণ সন্মতিত অনুষ্ঠিত হৈছে এই বিবাহ।

পাছে ভাৰতীয় আইন অনুসৰি যিহেতু এগৰাকী লোক কেৱল এখন হে বিবাহ কৰাব পাৰে তেনে ক্ষেত্ৰত দৰাৰ বিৰুদ্ধে এক গোচৰো উত্থাপন হৈছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।

এটা অভিযোগৰ ভিত্তিত, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৪ (স্বামী বা পত্নীৰ জীৱনকালত পুনৰ বিবাহ কৰা) অধীনত এক অজ্ঞাত (এনচি) অপৰাধ আকলুজ আৰক্ষী থানাত দৰাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি সদৰি কৰে এজন আৰক্ষী বিষয়াই।

কিন্তু, দুয়োগৰাকী কইনা আৰু কইনাৰ পৰিয়ালৰ লগতে দৰাৰ পৰিয়ালো যিহেতু এই দুগৰাকী কইনা আৰু এগৰাকী দৰাৰ বিয়াত সম্পূৰ্ণ সন্মতি আছে, সেই হেতুকে আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত দৰাক আটক কৰা নাই।